আমার চেতনার রঙে রাঙানো এই খেলা ঘরে:

~0~0~! আপনাকে স্বাগতম !~0~0~

*******************************************************************************************************

Sunday 24 March 2013

বাংলা নৱবর্ষ আৰু বর্ষপঞ্জীঃ এটি ব্যক্তিগত গদ্য।

(এই নিৱন্ধ লিখাৰ সাত বছৰমান হ'ল। মাকুম কেন্দ্রীয় ৰঙালী বিহু উদযাপন সমিতিৰ ২০০৭ বর্ষৰ স্মৰণিকাত প্রকাশ পাইছিল। এতিয়া ২০১৩ৰ ৰঙালী বিহু আহিবৰ হ'ল। সেয়েহে সেই পুৰণি লিখাকে ভাৱিলোঁ অলপ সময়োচিত সংশোধন কৰি ইয়াতে তুলি থোৱা যাওক। লগতে ইয়াৰ কোনো বাংলা সংস্কৰণ নাছিল। সেয়াও কৰি পেলালো। ইয়াতে চাওক। সকলোকে ৰঙালী বিহু আৰু নতুন বছৰ ১৪২০ৰ বাবে আগতীয়াকৈ শুভেচ্ছা জনালো)  
          অসমীয়া নৱবর্ষক লৈ কিবা লিখা অতিকৈ সহজ। বাতৰি কাকত, আলোচনীবিলাকত অসংখ্য লিখামেলা এই সময়ত পঢ়িবলৈ পাওঁ। কিয়োনো, অসমীয়া নৱবর্ষ মানে ব’হাগ বিগু। অসমৰ জাতীয় উৎসৱ ব’হাগ বিহু। অসমৰ জাতীয় উৎসৱ ব’হাগ বিহুতে অসমীয়া নৱবর্ষৰো আৰম্ভ অর্থাৎ ১ ব’হাগৰ পৰা। বাংলা নৱবর্ষ উপলক্ষ্যে লিখিবলৈ এই দিনটোত এনে ধৰণৰ কোন উৎসৱ আদিৰ প্রচলন নাই। বাংলা নৱবর্ষক আধুনিক কালত মহিমান্বিত কৰিছিল ৰবীন্দ্রনাথে। তেওঁ এই উপলক্ষ্যে বহুতো গান-কবিতা-প্রবন্ধ লিখিছিল। শান্তিনিকেতনত উৎসবৰো আয়োজন কৰিছিল। ইয়াৰ পিছত সাহিত্যকর্মী সকলে নৱবর্ষ উপলক্ষ্যে কিবা না কিবা এটা লিখামেলা কৰে। বহুতো ঠাইত এই দিনা ৰাজহুৱাকে সাংস্কৃতিক অনুষ্ঠানো পাতে। শিলচৰ, আগৰতলাকে ধৰি কিছু চহৰত বহাগৰ প্রথম দিনা উলহ মালহৰে কিছু ৰাজহুৱা অনুষ্ঠানৰ আয়োজন কৰা হয়। কিন্তু বিহুৰ দৰে সমগ্র জাতিটোৱে পালন কৰিব পৰা পৰাকৈ বাংলা নৱবর্ষ এতিয়াও উৎসব হৈ উঠা নাই। ঘৰে ঘৰে অলপ ভাল আহাৰৰ ব্যৱস্থা হয়, আৰু ব্যৱসায়ী সকলে গণেশ পূজা কৰি বছৰৰ নতুন ‘হালখাতা’ (হিচাপ বহি)ৰ আৰম্ভণি কৰে। ক’ৰবাত ক’ৰবাত ঘৰতে লক্ষ্মী পূজা কৰে । আৰুনো কি?
       বৈচিত্রৰ কথা আহি পৰাৰ লগে লগে ঐক্যৰ কথাটোও স্বাভাবিকতে আহি পৰে। মোৰ মনলৈ আহিল—বাংলা আৰু অসমীয়া নৱবর্ষ দেখোন একেই দিনা, বর্ষপঞ্জীও ( Calendar) একেই। এই বছৰ দুয়োটা বর্ষপঞ্জী ইংৰাজী ১৫ এপ্রিলৰ পৰা আৰম্ভ হ’ল আৰু অহা বছৰ ১৩ এপ্রিলত শেষ হ’ব। অসমীয়া-বাংলা দুয়োটা ভাষাতে এই বছৰটো ১৪২০। কেৱল বাংলাত ইয়াক কোৱা হয় বঙ্গাব্দ, আৰু অসমীয়াত কোৱা হয় ভাস্কৰাব্দ। কেৰালা, তামিল নাডু, বিহাৰ, পাঞ্জাব, ত্রিপুৰা, মণিপুৰকে ধৰি বহুতো ভাৰতীয় প্রদেশৰ ওপৰীও নেপাল, বাংলাদেশৰ দৰে ভাৰতীয় উপমহাদেশৰ প্রতিবেশী দেশ দুই এখনৰ বাবেও এইটো সময় নৱবর্ষ উদযাপনৰ। প্রায়বোৰ ঠাইতে এই সময়ত যিবোৰ পাৰম্পৰিক অনুষ্ঠানাদি পালিত হয় তাৰ সৰহভাগেই কৃষি নির্ভৰ । মাহ আৰু বাৰ কেইটাৰ নামো কেৱল বাংলা আৰু অসমীয়াতে নহয়, সমগ্র উত্তৰ ভাৰতীয় আর্যমূলীয় ভাষাবিলাকতে  একেই। নামৰ উৎস কেইটাও একেই। যেনে, বিশাখা নক্ষত্রৰ পৰা বাংলাত বৈশাখ, অসমীয়াত ব’হাগ; শ্রবণা নক্ষত্রৰ পৰা বাংলাত শ্রাবণ অসমীয়াত শাওণ।
         স্বাভাবিকতে মনলৈ আহে—তেনে হ’লে বাংলা নববর্ষ, অসমীয়া নৱবর্ষ বুলি কোৱাৰ অর্থনো কি! ই দেখোন আচলতে ভাৰতীয় নৱবর্ষ। কিন্তু তাতো সমস্যা আছে। ভাৰতবর্ষখন বৰ বৈচিত্রময় দেশ। বহুতো ভাৰতীয়ই দীপাবলীৰ দিনা, কোনবাই ৰামনবমীৰ দিনা, কোনেবাই আকৌ ফাগুন মাহৰ হোলিৰ দিনা নৱবর্ষ উদযাপন কৰে। ইছলামীয় আৰু খৃষ্টীয় ঐতিহ্যৰ কথাও আমি পাহৰিলে নচলিব । কেৰালাত খৃষ্টধর্মৰ আৰু সিন্ধুপ্রদেশত আৰব সকলৰ লগত ইছলাম অহাৰ দিনৰ পৰা ধৰিলে এই দুটা ধর্মীয় পৰম্পৰাও সহস্রাব্দৰ অধিক সময় ধৰি ভাৰতীয় সভ্যতাৰ অঙ্গ। যদিও মুছলমানসকলে তেনেকৈ নৱবর্ষ পালন নকৰে, তথাপি তেওঁলোকৰ হিজৰী চন আৰম্ভ হয় ১ মহৰমৰ পৰা। আৰু খৃষ্টীয় নৱবর্ষৰ কথা আমি সকলোৱে জানো। কিয়োনো সকলো ভাৰতীয়ই আজিকালি উলহ-মালহেৰে এই দিনটো পালন কৰে। গতিকে সর্বভাৰতীয় নৱবর্ষৰ দিন বুলি কবলৈ গ’লে ১ জানুৱাৰী।
             
              যি কি নহওক, মোৰ মন গ’ল বাংলা আৰু অসমীয়া নৱবর্ষৰ সেই ঐক্য সূত্র সন্ধান কৰাৰ। কিন্তু সমস্যা হ’ল, সেই কাম কৰিবলৈ গ’লে ইতিহাস অধ্যয়ন কৰিব লাগিব। অথচ মই ইতিহাসৰ পাঠকহে, ছাত্র নহওঁ। ইতিহাসৰ সত্যতা মোৰ লিখাত নেথাকিবও পাৰে। কেৱল বিচাৰিছো যদি কিছু পাঠকৰ মনত বিষয়টোকলৈ আৰু অধিক ভাল অনুসন্ধানৰ আগ্রহ জগাব পাৰো তেনেহ’লে নিজকে সার্থক বুলি ভাবিম। সেয়েহে লিখাটোৰ নাম দিলো, ‘ব্যক্তিগত গদ্য’।
         
             অনুসন্ধান কৰিলে ভাৰত বর্ষত আৰু অসংখ্য বর্ষপঞ্জী পোৱা যাব। অসমত যেনেদৰে শংকৰাব্দৰ প্রচলন আছে, বাঙালী বৈষ্ণব সকলেও চৈতন্যাব্দ বুলি এটা বর্ষপঞ্জী কেতিয়াবা অনুসৰণ কৰা দেখা যায়। আহোম ৰজাসকলেও এক নিজা ঐতিহ্য সম্ভূত লগত লৈ অসমত আহিছিল। নাম আছিল ‘লাকনি’। ৰাজত্বৰ আৰম্ভণিৰ দিনবোৰত সেই বর্ষপঞ্জীয়ে ব্যৱহাৰ কৰিছিল। তেনেদৰে আৰু বহুতো আছে। বেদ মহাকাব্যৰ যুগত সত্য-দ্বাপৰ আদি চাৰিটা যুগৰ বাহিৰে বর্ষপঞ্জীৰ হিচাপটো কেনেদৰে আছিল মই নেজানো। মোৰ অনুমান, মোৰ দৰে আৰু বহুতে নেজানে। কিন্তু এইটো খাটাং যে ইছলামীয় হিজৰী চনৰ প্রচলন হোৱাৰ আগতে যদি ক’ৰবাত কোনো বর্ষপঞ্জীৰ ৰাজকীয় ব্যৱহাৰ আছিল তেনেহ’লে সেয়া আছিল শকাব্দ। শক সম্রাট সকলৰ কোনেবাই ( ৰজা শালিবাহনৰ কথা কয় কোনোবাই কোনোবাই) ইয়াক প্রচলন কৰিছিল খৃঃ পূঃ ৭৮ চনত। শক সকলে বাহিৰৰ পৰা আহি ইয়াত সাম্রায্য বিস্তাৰ কৰিছিল। তেওঁলোকৰ বৌদ্ধিক আৰু সাংস্কৃতিক মান যে বৰ  উন্নত আছিল সেই এই কথাতেই অনুমান কৰিব যে তাহানিৰ দিনতেই তেওঁলোকে সৌৰকেন্দ্রীক বর্ষপঞ্জীৰ প্রচলন কৰিছিল। সৌৰকেন্দ্রীক বর্ষপঞ্জীৰ ধাৰণা তেওঁলোকে যদি লগতে লৈও আহিছিল, মাহৰ নাম কেইটা তেওঁলোকে ইতিমধ্যে ভাৰতীয় ঐতিহ্যৰ অঙ্গ হৈ পৰা আর্য ঐতিহ্যৰ পৰাহে লৈছিল। ব’হাগ, জেঠ, আহাৰ আদি বাৰোটা  ( বাংলাঃ বৈশাখ, জৈষ্ঠ, আষাঢ়) মাহৰ নাম তেনেকৈয়ে আহি বাংলা-অসমীয়া বর্ষপঞ্জীত থাকি গ’ল। কালত এই শকাব্দ ব্রাহ্মণ্য সংস্কাৰৰ অঙ্গ হৈ উঠিল। আৰু আর্য-ব্রাহ্মণ্য ধর্ম সংস্কৃতি যলৈকে গৈছিল তালৈকে শকাব্দ গৈ প্রচলিত হ’ব পাৰিছিল। অসমত কুমাৰ ভাস্কৰ বর্মাৰ দিনৰে পৰা ব্রাহ্মণ্য সংস্কৃতিয়ে ৰাষ্ট্রীয় পৃষ্ঠপোষকতা পাবলৈ ধৰিছিল। আৰু শকাব্দও তেতিয়াৰ পৰাহে শাষকশ্রেণীৰ মাজত প্রচলিত হৈছিল বুলি অনুমান কৰিব পাৰি। শকাব্দৰ লগত বঙ্গাব্দ-ভাস্কৰাব্দ আদিৰ বহুতোখিনি মিল আছে। যেনে বছৰৰ আৰম্ভণি আৰু শেষ প্রায় একেই। ব’হাগ, জেঠ আদি মাহৰ নামো প্রায় একেই। সোম, মঙ্গল, বুধ আদি সপ্তাহৰ নাম কেইটাও তাহানিৰ দিনৰে পৰা প্রচলিত। এইটো সহজতে বুজি পোৱা যায় যে, না কেইটা তাহানিৰ দিনতে জ্যোতির্বিদ্যাই যিমানদূৰ অগ্রগতি কৰিব পাৰিছিল তাৰে ‘নৱগ্রহ’ ধাৰণাৰ পৰা গ্রহণ হৈছিল। আধুনিক কালত এই নৱগ্রহৰ ধাৰণা কেৱল জ্যোতিষৰ  দৰে অপবিজ্ঞানত বর্তি আছে। জ্যোতির্বিদ্যাই সূর্য-চন্দ্রক গ্রহ বুলি স্বীকাৰ নকৰে।
       এই বছৰ শকাব্দ ১৯৩৫। ১৪২০ নহয়। বঙ্গাব্দ বা ভাস্কৰাব্দৰ পৰা শকাব্দ ৫১৫ বছৰ আগ বাঢ়ি আছে। আধুনিকতাৰ প্রতি আমাৰ যিমানে আকর্ষণ নেথাকক কিয় কিছু কথাত আমি প্রাচীনতাৰ প্রতি আকর্ষণ সহজতে নেৰোঁ, বিশেষকৈ যদি সেয়া আমাৰ ঐতিহ্য সংস্কৃতিৰ লগত সম্পর্কিত হয়। স্বাভাবিকতে প্রশ্ন এটাই দেখা দিয়ে, আমি শকাব্দ কিয় এৰিলোঁ? শকাব্দৰ প্রচলন থাকিলে দেখোন আমি খ্রিষ্টীয় বর্ষপঞ্জীৰ লগত ফেৰ মাৰিব পাৰিলোহেঁতেন। দেখাত ১৯৩৫। কিন্তু সময়োচিত সংস্কাৰ কৰি গ’লে শকাব্দৰ হিচাপ দ্বাবিংশ শতিকাৰ ওচৰ চপা হ’লহেতেন। কিন্তু শকাব্দক ভাৰতবর্ষ সংখ্যাগৰিষ্ঠ অনা-আর্য মানুহে কেতিয়াও আন্তৰিকতাৰে গ্রহণ কৰা নাই।  ৰাষ্ট্রৰ বাহিৰে সাধাৰণ মানুহৰ মাজত কাহানিও ব্যাপকতাৰে শকাব্দ প্রচলিত হোৱা নাছিল। ই মূলতঃ শাসক-অভিজাত সকলৰ মাজতে সীমাবদ্ধ আছিল। বিহুৰ দৰে সাংস্কৃতিক ঐতিহ্যৰ পৰাই কথাটো আমি সহজতে ধৰিব পাৰিম। ঐতিহাসিক সকলে কয়, ভাস্কৰ বর্মণে কৰাৰ দৰে ক’ৰবাত উন্নত কৃষিব্যৱস্থাৰ প্রচলনৰ প্রয়োজন বোধ কৰি ৰাষ্ট্রই ব্রাহ্মণসকলক ভূমিদান কৰি আনি বহুৱাইছিল হয়, কিন্তু খ্রিষ্টীয় প্রথম সহস্রাব্দজুৰি বৌদ্ধ জৈন আদি ধর্মৰ দৰে প্রৱল সাংগঠনিক শক্তি ব্রাহ্মণ্য পৰম্পৰাৰ নাছিল। দ্বিতীয় সহস্রাব্দৰ আৰম্ভণিৰ পৰাই সেই ঠাই লয় ইছলাম আৰু নৱবৈষ্ণব ধর্মই। সাধাৰণ ৰাইজৰ মাজত ব্রাহ্মণ ধর্মৰ প্রৱেশ অবাধ আৰু সহজ নাছিল। এইটো ৰাইজৰ বিৰোধৰ ফলত নহয়, ইয়াৰ নিজৰ সংকীর্ণতাৰ ফলতহে হৈছিল। ভাৰতীয় সমাজজীবনৰ বৈচিত্রৰ সমস্যাক ব্রাহ্মণ্যবাদে বর্ণবাদেৰে সমাধান কৰিব বিচাৰিছিল। যি প্রয়াসত ৰাইজৰ পৰা সদায় প্রত্যক্ষ বা পৰোক্ষ বাধাৰ সন্মুখীণ হ’ব লগা হৈছিল। তথাপি উন্নত কৃষিৰ লগতে আর্থ-ৰাজনৈতিক আৰু প্রশাসনিক ব্যৱস্থাবোৰৰ কিছু পৰিৱর্তন আহি পৰিছিল; ধর্ম- দর্শন-বিদ্যা চর্চাৰ দিশতো ই ব্যাপক পৰিৱর্তন আনিছিল। ব্রাহ্মণ্য ধর্ম দর্শনৰ প্রভাৱ তেনেদৰে ওপৰৰ পৰা সমাজৰ ভিতৰলৈ সোমাবলৈ ধৰিছিল বা সোমাইছিল। আজিৰ ইংৰাজী ভাষাৰ দৰে আর্য ব্রাহ্মণ্য সকলৰ ভাষাই সমগ্র সমাজক গ্রাস কৰি পেলাইছিল। সেয়েহে বাঙালী বা অসমীয়াৰ দৰে ভাষিক গোষ্ঠী দুটাৰ সৰহ সংখ্যক মানুহ অনা-আর্যমূলৰ  পৰা আহিলেও দুয়োটা গোষ্ঠীয়ে আদি ভাষা হেৰুৱাই আর্যভাষা গ্রহণ কৰিলে। কিন্তু সেইটো মুখৰ কথাৰ ভাষাতহে, যাক আমি প্রাকৃত বুলি কওঁ। জ্ঞান-ধর্ম-দর্শন চর্চার ভাষা সংস্কৃত হৈ থাকিল। অর্থাৎ, সাধাৰণ ৰাইজৰ বাবে তেওঁলোকৰ চিন্তাপ্রবাহ দুর্বোধ্য আৰু অচিনাকি হৈ ৰ’ল। কোনোবাই যদি অলপ কিবা বুজিলেও তেওঁ তাক নিজৰৰ সাম্প্রদায়িক ( সম্প্রদায় বিদ্বেষী অর্থত নহয়) আঞ্চলিক ঐতিহ্য-সংস্কৃতিৰ লগত ৰিজাই-মিহলাই নিজৰ দৰে আকৌ প্রকাশ কৰিলে। তেনেদৰে ব্রাহ্মণ্যবাদেও বিভিন্ন সময়ত বিভিন্ন স্তৰত ৰূপ সলালে, ব্রাহ্মণ্যবাদ বিৰোধী দর্শন শাখা-প্রশাখাও গঢ় লৈ উঠিল। তদুপৰী ইছলাম বা বৌদ্ধ ধর্মৰ দৰে ব্রাহ্মণ্যবাদৰ কোনো ঐক্যবদ্ধ সাংগঠনিক ৰূপ নাছিল, এই কথা জনাজাত। শকাব্দৰ ধাৰণাও তেনেদৰে পৰিৱর্তনৰ মাজেদি গ’ল। বাংলাত ই বঙ্গাব্দৰ ৰূপ ল’লে আৰু অসমত (তাহানিৰ কামৰূপৰ পূর্বাংশত) ভাস্কৰাব্দৰ। এই পৰিৱর্তন ইমানেই ব্যাপক আছিল যে শকাব্দৰ পৰা কেইবাশ’ বছৰ বাদ পৰিল। প্রচলিত মত হ’ল, কুমাৰ ভাস্কৰৰ ৰাজ্যাভিষেকৰ দিনৰে পৰা ভাস্কৰাব্দৰ হৈছিল। বর্ষপঞ্জীখন তেতিয়াৰ পৰা প্রচলিত হ’লেও ‘ভাস্কৰাব্দ’ শব্দটো তেতিয়াৰ পৰাই প্রচলিত হৈছিল নেকি মই নেজানো। কিন্তু ‘বঙাব্দ’ শব্দৰ প্রচলন তেতিয়া নাছিল, এই কথা খাটাংকৈ ক’ব পাৰো। তাহানিৰ দিনত বর্তমান অবিভক্ত বাংলাৰ সমুদ্রতীৰৰ দক্ষিণ-পূর্ব অংশৰ এক সৰু ভূখণ্ড হে বঙ্গ বুলি জনাজাত আছিল। বাকী অংশ গৌড়, পৌণ্ড্র আনকি কামৰূপ ইত্যাদি নামেৰেও জনাজাত আছিল। কুমাৰ ভাস্কৰ বর্মাৰ দিনত গৌড়ৰ ৰজা আছিল শশাংক। সম্রাট আকবৰৰ দিনত গোটেই ভাৰতবর্ষক শাসনকৰ সুবিধাৰ বাবে ‘সুবাহ’ নাম দি কেইটামান প্রশাসনিক বিভাগত ভাগ কৰা হৈছিল। তাৰে পূর্ব-প্রান্তিক সুবাহটোৰ নাম দিয়া হৈছিল ‘সুবাহ-বাংলা।’ তাত শ্রীহট্টলৈকে অন্তর্ভূক্ত আছিল। এই সুবাহ বা সুবে-বাংলাৰ মানুহে ক্রমে নিজকে বাঙালী বুলি ক’বলৈ ধৰে। সেয়াও ভালকৈ মাত্র সৌ সিদিনা, ৰজা ৰামামোহন ঈশ্বৰচন্দ্র বিদ্যাসাগৰৰ দৰে সমাজ সংস্কাৰক সকলৰ লিখনিৰ মাজেৰে। চর্চাপদৰ কবি ভুসুকুয়ে লিখিছিল, ‘আজি ভুসুকু তই বঙালী হৈলি।’ সেই বঙ্গ আছিল সেই তাহানিৰ দিনৰ প্রান্তীয় সৰু এক ভূখণ্ড।   
        
                 
বহুতে কয়, ৰজা শশাংকই তেওঁৰ দিনতে বঙ্গাব্দৰ প্রচলন কৰিছিল। কিন্তু বর্ষপঞ্জীৰ দৰে উন্নত প্রশাসনিক ব্যৱস্থাৰ লগত জড়িত বিষয় এটা শশাংকই প্রচলন কৰিছিল বুলি বিশ্বাস কৰা টান। কিছু বঙ্গীয় পণ্ডিতে ক’ব বিচাৰে যে ৰজা শশাংকই কামৰূপলৈ তেওঁৰ সাম্রাজ্য বিস্তাৰ কৰিছিল। আৰু একেই বর্ষপঞ্জীৰ প্রচলন ইয়াতো হৈছিল। তাহানিৰ দিনত হর্ষবর্দ্ধনৰ সাম্রায্যই প্রায় সমগ্র উত্তৰভাৰতবর্ষক সামৰি লৈছিল বর্তমান বাংলাৰো বহুতোখিনি সেই সাম্রাজ্যৰ ভিতৰত সোমাইছিল তেওঁৰ লগত কুমাৰ ভাস্কৰ বর্মাৰ সম্পর্ক বন্ধুত্বপূর্ণ আছিল। শশাংকই দুয়োজনকে আমনি কৰিছিল। হর্ষবর্ধ্বনৰ পাছত তেওঁৰ বিশাল সাম্রায্যৰ বহুতোখিনি নিজৰ অধীনস্থ কৰিব পাৰিছিল। শশাংকই আনকি দক্ষিণৰ উৰিষ্যালৈকে তেওঁৰ সাম্রায্য বিস্তাৰ কৰিছিল। কিন্তু কামৰূপ দখল কৰিছিল বুলি সমর্থিত তথ্য খুবেই কম। সেয়েহে অনুমান কৰিব পাৰি বঙ্গাব্দ হর্ষবর্দ্ধনৰ দিনতে প্রচলিত হৈছিল। দুয়োজন বন্ধু ৰজাই একেলগে এই বর্ষপঞ্জীৰ প্রচলন কৰিছিল নে এজনে আনজনৰ পৰা ধাৰণাটো লৈছিল সেই বিষয়ে ঐতিহাসিকসকলে ভালকৈ ক’ব পাৰিব। সময়ৰ ঐক্যৰ পিনে চাই আমি কেৱল জোৰেৰে ক’ব পাৰো যে, দুয়োখন ঠাইত একেলগে এই নতুন বর্ষপঞ্জী প্রচলিত হৈছিল, বিচ্ছিন্নভাবে নহয়। অৱশ্য আৰু এটা কথা আমি ইয়াতে উনুকিয়াব পাৰো, তাহানিৰ কামৰূপ বর্তমান পূর্ব-বাংলা তথা বাংলাদেশলৈকে বিস্তৃত আছিল। সম্ভৱত , তাহানিৰ বঙ্গ বুলি জনাজাত ভূখণ্ডও। বর্তমান ময়মন সিংহ-শ্রীহট্ট-কুমিল্লা আদি অৱশ্যেই কামৰূপৰ অধীনস্থ আছিল। এনেকুৱাও হ’ব পাৰে কামৰূপৰ সেই ভাগ প্রায় সহস্রাব্দৰ পাছত যেতিয়া মোগলৰ অধীনস্থ হয় তেতিয়াই সেই বর্ষপঞ্জী গোটেই ‘সুবেহ বাংলা’ত প্রথম প্রতিষ্ঠিত হয়। সম্রাট আকবৰৰ অৱদান এই ক্ষেত্রত লেখত ল’ব লগীয়া। সম্রাট আকবৰে এই বর্ষপঞ্জীকে তেওঁৰ সমগ্র সাম্রাজ্যত প্রচলন কৰিছিল। আৰু তেঁৱেই প্রথমবাৰৰ বাবে ‘নওৰোজ’ নাম দি নৱবর্ষ উদযাপন প্রথা আৰম্ভ কৰে। সম্রাট আকবৰৰ আগে পিছে লিখা বাংলা কাব্য সাহিত্য বিলাকতো বঙ্গাব্দৰ সলনি শকাব্দৰ প্রচলনেই বেছী দেখা যায়। যেনে মালাধৰ বসুয়ে তেখেতৰ লিহা শ্রীকৃষ্ণবিজয় সম্পর্কে লিখিছে, “তেৰশ পঁচানই শকে গ্রন্থ আৰম্ভণ। চতুর্দশ দুই শকে হৈল সমাপন।।” হয়, সম্রাট আকবৰৰ আগতে ভাৰত বর্ষত নৱবর্ষৰ দৰে ধর্মনিৰপেক্ষ উৎসৱ পালনৰ কোনো প্রথাই নাছিল। দেৱতাৰ বাহিৰে ভাৰতীয় সকলে কাৰোবাৰ জন্মদিন পালন কৰা নাই, মৃত্যুতিথিহে পালন কৰে। সেয়েহে আজিকালিৰ বার্থডে বিলাকত খৃষ্টীয় ৰীতি অনুসৃত হয়। তেনেদৰে বছৰ বা মাহৰ আৰম্ভণীতকৈ শেষদিনটোত বিশেষকৈ উদযাপনৰ প্রথা এতিয়াও বহু প্রচলিত। যাক সংক্রান্তি বুলি কয়। বহাগ বিহুৰ আৰম্ভণিও চ’তৰ সংক্রান্তিৰ পৰাহে হয়।
     
               
                ভাস্কৰাব্দৰ পাছত কিবা যদি সংস্কাৰ হৈছিল , মই নেজানো। যি কম সময়ত লিখাটো প্রস্তুত কৰিব লগীয়া হৈছে অনুসন্ধান কৰাৰো উপায় নাই। স্মৃতিৰ ওপৰত নির্ভৰ কৰিহে লিখিব ল’গা হৈছে। যিহেতু মই , বাংলা সাহিত্যৰ ছাত্র, আৰু অসমৰ বাংলা সাহিত্যৰ পাঠ্যক্রম মূলতঃ কলিকতাৰ লিখক নির্ভৰ , গতিকে অসম তথা পূর্বোত্তৰ সম্পর্কে বিশেষ একো কথা নেথাকেই। সেয়েহে, অসমৰৰ মানুহ হৈয়ো মাতৃভূমি সম্পর্কে সদায় এক বিচ্ছিন্নতাৰ সমস্যাত ভুগিব লগা হয়। মোৰ দীর্ঘদিনীয়া ব্যক্তিগত অভিমত এই যে অসমৰ বাংলা পাঠ্যক্রমৰ অন্তত সত্তৰ শতাংশ পূর্বোত্তৰৰ বাঙালী লেখকৰ লেখনিৰে ( অথবা অসমীয়া-মণিপুৰী ভাষাৰ পৰা অনুবাদেৰে) সমৃদ্ধ কৰিব লাগে—য’ত স্থানীয় ইতিহাস-ঐতিহ্য-সংস্কৃতিৰ গোন্ধ আৰু জ্ঞান থাকিব। অৱশ্যে সেয়া অন্য এক প্রসঙ্গ।
             বঙ্গাব্দ আকবৰৰ সময়ত এক ডাঙৰ সংস্কাৰৰ মাজেদি গৈছিল। দিল্লীৰ মুছলমান শাসক সকলে হিজৰী বর্ষপঞ্জীক ব্যৱহাৰ কৰিয়ে ৰাজকার্য চলাই গৈ আছিল। হিজৰী হ’ল চন্দ্রকেন্দ্রীক বর্ষপঞ্জী (Lunar Calendar) । এই বর্ষপঞ্জীক ব্যৱহাৰ কৰি কৃষি কাম, ৰাজস্ব আদায় কৰাৰ কাম আৰু সামগ্রিক ভাবে ৰজাঘৰীয়া কাম কৰাত বহুতো অসুবিধা হৈছিল। সেয়েহে সম্রাট আকবৰে বর্ষপঞ্জীৰ সংস্কাৰৰ বাবে চন্দ্রকেন্দ্রীক বর্ষপঞ্জীক সৌৰ বর্ষপঞ্জীলৈ পৰিৱর্তনৰ নির্দেশ দিলে। কামটো কৰিবলৈ যাওঁতে তেওঁ বাস্তৱ প্রয়োজনৰ লগতে ব্রাহ্মণ্য আৰু ঐশ্লামিক ঐতিহ্যৰ কথাও মনত  ৰাখিব লগা হৈছিল। এই সম্পর্কে আবুল ফজলে তেওঁৰ বিখাত ‘আকবৰনামা’ গ্রন্থখনত বিতংকৈ লিখি গৈছে। তাহানিৰ ফতেহউল্লাহ ছিৰাজীক আকবৰে কামটো কৰাৰ বাবে দায়িত্ব দিলে। তেওঁ শকাব্দ আৰু হিজৰী বর্ষপঞ্জীৰ লগত সঙ্গতি ৰাখি যিখন বর্ষপঞ্জী তৈয়াৰ কৰিলে সেয়া প্রচলিত ভাস্কৰাব্দৰ লগত একেই।
           সিদিনা আছিল ১০ ৰবিউল আওয়াল, ৯৫৩ হিজৰী, ৫ নভেম্বৰ, ১৫৫৬ খৃষ্টাব্দ। দ্বিতীয় পানিপথ যুদ্ধত বিজয়ী হৈছিল সম্রাট আকবৰ। নিজৰ বিজয়ক স্মৰণীয় কৰি ৰখাৰ বাবে আকবৰৰ ‘তাৰিখ –এ- ইলাহী’ তথা নতুন বর্ষপঞ্জীৰ হিচাপ আৰম্ভ হ’ল সেইবছৰৰ পৰা। সাধাৰণ ৰাইজৰ মাজত যিখন ‘ফচলী চন’ বুলি পৰিচিত হৈছিল।
             আজিৰ পৰা ৪৫৭ বছৰ আগত। বর্তমান বছৰটো যদিও ১৪৩৪ হিজৰী চলি আছে। ৯৬৩ হিজৰী চনৰ লগত ৪৫৭ যোগ কৰিলে ১৪২০ বঙ্গাব্দ বা ভাস্কৰাব্দ পোৱা যাব। অর্থাৎ সেই বছৰ বঙ্গাব্দ হিজৰীৰ লগত সঙ্গতিপূর্ণ আছিল। কেৱল ব’হাগ মাহটো পৰিল হিজৰী প্রথম মাহ মুহৰমৰ লগত একেলগে। সেয়েহে য’ত শকাব্দ আৰম্ভ হৈছিল চ’ত মাহৰ পৰা ( তাৰো আগতে বছৰৰ প্রথম মাহ আছিল আঘোণ বা অগ্রহায়ণ), নতুন ‘তাৰিখ –এ –ইলাহী’ বা ‘ফচলী চন’ আৰম্ভ হ’ল ব’হাগ মাহৰ পৰা। ই আৰু এটা অধিক যুক্তিপূর্ণ ব্যাখ্যা হ’ব পাৰে যে কিয় শকাব্দৰ পৰা বঙাব্দ ৫১৫ বছৰ পিছত। আইনতঃ এই নতুন বর্ষপঞ্জী চৰকাৰী ভাবে গৃহীত হৈছিল ১০/১১ মার্চ, ১৫৮৪ খৃষ্টাব্দ তাৰিখে। এই কথা স্পষ্ট যে ১৫৫৬ খ্রিষ্টাব্দ আৰু ১৫৮৪ খ্রিষ্টাব্দ এই দুটা বছৰৰ কোনোটোৱেই তাৰিখ –এ –ইলাহীৰ প্রথম বছৰ নাছিল। সেয়া আছিল ৯৫৩ বছৰ আগৰ এটি দিন; ইউৰোপীয় জুলিয়ান বর্ষপঞ্জী অনুসৰি ১২ এপ্রিল, ৫৯৪ আৰু খ্রিষ্টীয় গ্রেগৰিইয়ান বর্ষপঞ্জী অনুসৰি ১৪ এপ্রিল, ৫৯৪।
            বর্ষপঞ্জীৰ লগত সংশ্লিষ্ট ধর্মীয় ধ্যান-ধাৰণাক আকবৰে একেবাৰেই বাদ দিছিল আৰু ১৪টা নতুন উৎসৱৰ ঘোষণা কৰিছিল। তাৰ মাজত এটা আছিল ‘নওৰোজ’ । নওৰোজ পালন কৰিবলৈ গৈহে সেলিম (পাছত জাহাঙ্গীৰ) নুৰজাহানৰ লগত আৰু তেওঁৰ পুত্র খুৰৰম ( পাছত শাজাহান) মুমতাজমহলৰ লগত চিনাকি হৈছিল। নওৰোজৰ ধর্মনিৰপেক্ষ ঐতিহ্যৰ কথা মনত ৰাখি বহুদিন পাছত ৰবীন্দ্রনাথে ‘নববর্ষ’ দিনটোক হিন্দু-মুছলমান জনতাৰ ঐক্যবদ্ধ উৎসৱৰ চেহেৰা দিয়াৰ চেষ্টা কৰিছিল। কিন্তু এতিয়ালৈকে বাঙালী হিন্দু সকলে দুর্গা পূজাকে বাঙালীৰ জাতীয় উৎসব বুলি ভাৱি ভাল পায়, যিটো কোনপধ্যেই সমগ্র বাঙালীৰ জাতীয় উৎসব হ’বই নোৱাৰে। কিন্তু আকবৰ আৰু ৰবীন্দ্রনাথৰ সেই সপোন যদি কৰবাত সফল হৈছে তেন্তে সেয়া বর্তমান বাংলাদেশতহে। বাংলাদেশৰ বাঙালী সকলে জাতীয় উৎসব ‘নববর্ষ’ ---যি উৎসবৰ লগত কোনো ধর্মৰ কোন সম্পর্ক নাই। অথচ দেখা যাব মুছলমান চোৱালিবিলাকে ৰঙা পাৰিৰ শাৰি পিন্ধি, কপালত বিন্দি আৰু ভৰিত ‘আলতা’ লগাই, ‘আল্পনা’ আঁকিব, গান গাব, ল’ৰা বিলাকেও সিদিনা ধুতি পিন্ধি বাটলৈ ওলাব ৰাইজৰ লগত গাবলৈ, নাচিবলৈ।
            এইখিনিতে উল্লেখ কৰিব পাৰো যে মোগল সাম্রাজ্য ভাঙি যোৱাৰ পিছত ‘তাৰিখ –এ-ইলাহী’ বাংলাৰ দৰে দুই এখন ঠাইৰ বাহিৰে অপ্রচলিত হৈ পৰিল। সেয়েহে ছাগৈ এসময়ত সমগ্র ভাৰতবর্ষত প্রচলিত বর্ষপঞ্জী এটা ব্রিটিছৰ দিনত ক্রমে ক্রমে বাংলাৰ নিজা অঈতিহ্য হিচাপে চিহ্নিত হ’ল। ভাস্কৰাব্দৰ লগত এই ‘তাৰিখ –এ –ইলাহী’ৰ কোনো সম্পর্ক পাছৰ কালত স্থাপিত হৈছিল নেকি এই বিষয়ে মই একো নেজানো। বিদ্বৎজনে ক’ব পাৰিব।
     
       
            ভাৰতবর্ষত এই বঙ্গাব্দৰ আৰু কোনো সংস্কাৰ হৈছিল যদি নেজানো। খ্রিষ্টাব্দৰ ‘লিপ-ইয়াৰ’ৰ দৰে কোনো ব্যৱস্থা এই বঙ্গাব্দত নাই। বাংলা মাহবোৰৰ দৈর্ঘ বিভিন্ন প্রকাৰৰ হয়। কোনো মাহ ২৮ দিনিয়া, কোনোবাটো আকৌ ৩২ দিনীয়া। এই অসংগতি আঁতৰ কৰাৰ বাবে তদানিন্তন পূর্ব-পাকিস্তানৰ বাংলা একাদেমীয়ে বিখ্যাত ভাষাতত্ববিদ ড০ মুহম্মদ শহীদুল্লাহৰ নেতৃত্বত ১৯৬৬ খ্রিষ্টাব্দৰ ১৭ ফেব্রুৱাৰীৰ দিনা এখন কমিটি বনাই দিয়ে। সেই কমিটিৰ পৰামর্শ মতে এতিয়া বাংলাদেশৰ বর্ষপঞ্জীৰ ব’হাগৰ (বৈশাখ) পৰা ভাদ (ভাদ্র) এই পাঁচ মাহ হয় ৩১ দিনীয়া। বাকী সাত মাহ ৩০ দিনীয়া। কেৱল যি বছৰ খ্রিষ্টীয় বর্ষপঞ্জীৰ ফেব্রুৱাৰী মাহত এদিন যোগ হৈ ২৯ দিনীয়া হ’ব সেই বছৰৰ ফাগুন ( ফাল্গুন) মাহতো ৩০ দিনৰ সলনি ৩১ দিনিয়া হ’য়। উদাহৰণ স্বৰূপে খৃঃ ২০১২ চনটো আছিল লিপ –ইয়াৰ , গতিকে যোৱা বছৰ বাংলা ১৪১৯চনৰ ফাগুন মাহ আছিল ৩১ দিনীয়া। বিদেশী শাসক শক সম্রাট সকলে প্রচলন কৰি যোৱা এটা ঐতিহ্য এনেদৰে ব্রাহ্মণ্য ঐতিহ্যৰে সমৃদ্ধ হৈ আহি শেষত খ্রিষ্টীয় ঐতিহ্যকো নিজৰ মাজত সাঙুৰি ল’লে। ষাঠি বছৰ মান আগতে বাংলাদেশ ভাৰতৰ পৰা বিচ্ছিন্ন  হৈ গ’লে কি হ’ব, দেঢ় হাজাৰ বা তাৰো বেছি দিনৰ ঐতিহ্যৰ পৰা নিজক বিচ্ছিন্ন কৰা ইমান সহজ নহয়।

No comments: