আমার চেতনার রঙে রাঙানো এই খেলা ঘরে:

~0~0~! আপনাকে স্বাগতম !~0~0~

*******************************************************************************************************

Tuesday 30 July 2013

এজন ছাত্রই পঢ়িব নিশ্চয়, কিন্তু তেওঁ কিয় পঢ়িব?


              চলতে, মনোযোগ আৰু কঠোৰ পৰিশ্রমেৰে পঢ়াশুনা কৰিলে, যিকোনো ছাত্র বা ছাত্রীয়েই ভাল ফলাফল দেখুৱাব পাৰে। কথাটো ইমান সহজ হোৱা হলে অধিকাংশ ছাত্র-ছাত্রীয়েই সেয়া কৰিলেহেতেঁন। তেতিয়া হয়তো বেয়া ছাত্র বা অনুত্তীর্ণ ছাত্র বুলি কোনো নাথাকিলেহেতেঁন, নাইবা থাকিলেও সেই সংখ্যা হলহেতেঁন নিচেই তাকৰ। বহুতে অবশ্যে ভাগ্যৰ ওপৰত বিশ্বাস কৰিও কঠোৰ পৰিশ্রম নকৰাকৈ থাকে। বিশেষকৈ যিসকলৰ দাৰিদ্র্য নাইবা সাংসাৰিক দায়-দায়িত্ব ইমানেই বেছি যে লিখা-পঢ়া কৰা কামটো,তেওঁলোকৰ বাবে কোনোপধ্যেই প্রাথমিকতাৰ মাজত নাথাকে। দেখাত, তেওঁলোকে স্কুল কলেজত নাম ভর্তি কৰে যদিও, ঘৰতো তাৰ বাবে হেঁচা কম নাথাকে । তথাপি, তেওঁলোকৰ অৱচেতন মনত দাৰিদ্র্য নাইবা সাংসাৰিক দায় - দায়িত্ব, কিম্বা বাধা-বিঘিনি নেওঁচি লিখাপঢ়া কৰাৰ কামটো কম গুৰুত্বপূর্ণ হৈ থাকে। কিন্তু আমি কঠোৰ পৰিশ্রম কৰা বহুতকে আশানুৰূপ ফল কৰা নেদেখো। ইয়াৰ ৰহস্য বুজি নেপোৱাত বহুতে পিছৰ কালত হতাশ হৈ পৰে। তেওঁলোকক লক্ষ্য কৰি আনকো হতাশ হৈ পৰা আমি দেখো। সহপাঠি সকলৰ পৰস্পৰে পৰস্পৰক প্রভাৱিত কৰা কথাটোত আমাৰ সকলোৰে কিবা নহয় কিবা এটা অভিজ্ঞতা জড়িত হৈ আছে।
           নিজৰ লৰা নাইবা ছোৱালীয়ে পঢ়াশুনা নকৰেএই আক্ষেপ বহুতো অভিভাবকৰে থাকে। তাৰবাবে সন্তানক গালি শপনিও দিয়ে। শিক্ষক শিক্ষয়িত্রী সকলেও তাত যোগ দিয়ে। কাম একো নহয়। বৰঞ্চ নিজৰ ভাগ্য, নিজৰ মেধা সম্পর্কে ছাত্র-ছাত্রীৰ হতাশা বাঢ়িয়েই গৈ থাকে। পঢ়াশুনা কৰ---বুলি কলে অধিকাংশই ইমান কঠিন কাম নকৰিবও পাৰে। তাৰ আগতে এজনৰ ওচৰত দায়বদ্ধ হৈ থাকিব লগা কামটো তেওঁ কৰিব কিয়? আৰু কেনেকৈ কৰিব?
           লিখা-পঢ়া কৰি চাকৰি গোটাব লাগিব, অলপ বেছি ভাল হলে ডাক্তৰ- ইঞ্জিনিয়াৰ হব লাগিব--- এনে চিন্তাই যিকোনো সাধাৰণ মধ্যবিত্ত মনক আচ্ছন্ন কৰি ৰাখে। ডাক্তৰ-ইঞ্জিনিয়াৰ হোৱাটোও চাকৰিয়েই। অলপ ডাঙৰ ধৰণৰ চাকৰিৰ চিন্তা। লিখাপঢ়া কৰি ভালকৈ খেতিবাতি কৰিব পাৰি , নাইবা ভাল নাও সাজি ব্রহ্মপুত্র পাৰ হোৱাৰ কামটো সহজ কৰি তুলিব পাৰি এনে কথা কোনেবাই ভাৱিলেও তেওঁক লৈ আত্মীয়-বন্ধু সকলে হাঁহিব। অথচ অসম তথা ভাৰতবর্ষৰ কৃষি আৰু নদী নির্ভৰতাৰ কথা মনত ৰাখি এনেদৰে ভাবিব পাৰিব লাগিছিল। সামাজিক সংস্কাৰ অনুসৰি যদি এইবোৰক সৰু কাম বুলি ভাৱিও লও, তথাপিও আমাৰ যিসকলে ডাক্তৰইঞ্জিনীয়াৰ হোৱাৰ কথা ভাবে ; তেও লোকেও কেঞ্চাৰ বেমাৰৰ ঔষধ ওলিয়াব বুলি সপোন নেদেখে নাইবা মঙ্গল গ্রহত ভৰি দিয়াৰ কথাও নাভাবে। যেনিবা এইবোৰ আমাৰ কাম নহয়, এই বোৰৰ কাৰণে আমি বগা চাহাবসকলক দায়িত্ব দি থৈছো। তেওঁলোকে কৰিব। আমি কিয় এনেকৈ ভাবো, সেয়া এক স্বতন্ত্র অধ্যয়নৰ বিষয় হব পাৰে। বোধ কৰো আমাৰ সমাজখন প্রধানত: কৃষিনির্ভৰ সমাজ । আমি ইয়াতকৈ বেছিকৈ ভাৱিবও নোৱাৰো। চাকৰি কৰি টকা ঘটাৰ চিন্তাই কেৱল নাথাকে, লগতে থাকে সামাজিক সন্মানৰ স্তৰ উন্নীত কৰাৰ চিন্তা। লিখাপঢ়া কৰি মানুহ হোৱাৰ যিবোৰ কথা আমি শুনি থাকোএই কথাৰ বাস্তৱ অর্থ এয়াই। উন্নত চৰিত্রৰ মানুহ হোৱাৰ চিন্তাও আমাৰ অধিকাংশৰ নাথাকে। থাকিলে চাকৰি কৰা মানুহৰ মাজত দুর্নীতিগ্রস্ত খুবেই কম থাকিলেহেতেন। যিকি নহওক, আমাৰ পঢ়াশুনাক এইবোৰ চিন্তাই প্রভাৱিত কৰে।                                                        
           এতিয়া প্রকৃত কথাটো হ, জীবনটোক আমি কেনেকৈ গঢ় দিব বিচাৰো। যিহেতু আমাৰ জন্মক আমি নির্ধাৰণ কৰিব নোৱাৰো, মৃত্যুক আমি ৰচনা কৰিব বিচাৰো। মৃত্যুও কাৰ কেতিয়া, কেনেকৈ হয় কোনেও নাজানে। কিন্তু ইয়াক বিলম্বিত কৰা, জীৱনটোক প্রলম্বিত কৰা আৰু নিজ ইচ্ছামতে ইয়াক গঢ় দিয়াৰ চিন্তা সকলো মানুহৰ থাকে। এনে চিন্তাই আনকি এচাম মানুহক মৃত্যুক পৰাস্ত কৰি অমৰ হোৱাৰো প্রেৰণা দিয়ে। আত্মাৰ অমৰত্ব নাইবা ভাৰতীয় জন্মান্তৰৰ ভাৱনাও এনে প্রেৰণাৰ পৰাহে অহা। বাস্তৱত ই সম্ভৱ হওঁক বা নহওঁক। অলপতে তৰুণ শইকীয়া আৰু মনীষ ডেকাঅসমৰ দুই তৰুণে এভাৰেষ্ট শৃঙ্গ আৰোহণ কৰি আহিলে। এই কাম কৰিবলৈ গলে এটা উচ্চতাত প্রতি খোঁজতে মৃত্যুৰ সম্ভাবনা থাকে। তথাপিও যে তেওঁলোক তালৈ গল ইয়াৰ আঁৰৰ চিন্তা অবশ্যেই মৃত্যুক বৰণ কৰি লোৱা নহয়, মৃত্যুক পৰাস্ত কৰা অথবা অতিক্রম কৰা। কল্পনা চাওলা যেতিয়া মহাকাশৰ পৰা ঘুৰি আহতে মৃত্যুক বৰণ কৰি ললে তেতিয়াও আচলতে এই কামহে কৰিছিল। জীবিত কল্পনা চাওলাতকৈ মৃত কল্পনা চাওলা বহুতো শক্তিশালী হৈ উঠিছিল। তেওঁ আৰু তেওঁক নজনা মানুহে তেতিয়াহে তেওঁক প্রথম চিনি পাইছিল, বুজি পাইছিল, জানিছিল আৰু জানি থাকিবআমাৰ দেশৰ অনেক ছোৱালী কল্পনা চাওলা হোৱাৰ সপোন দেখে আৰু দেখি থাকিব।  
                জীবনটোক লৈ এনেবোৰ সপোন দেখা বেছি গুৰুত্বপূর্ণ।জীবনক টুকুৰা টুকুৰকৈ চাব নোৱাৰি। ই টেলিভিছন ছিৰিয়েলৰ এপিছোড নহয়। এসময়ত আমাৰ ভাৰতীয় চিন্তক সকলে ব্রহ্মচর্যাশ্রম, গার্হস্থ্যাশ্রম, বানপ্রস্থ আৰু সন্ন্যাসাশ্রম বুলি জীৱনৰ চাৰিটা খণ্ডৰ কথা কল্পনা কৰিছিল। ব্রহ্মচর্যাশ্রম আছিল অধ্যয়নৰ লগত সম্পর্কিত। কিন্তু এই খণ্ডবোৰো আছিল সমগ্র জীৱনটোক লৈ কৰা পৰিকল্পনাৰ অঙ্গ। ডাক্তৰ ইঞ্জিনীয়াৰ হোৱাৰ সপোন যিহেতু আমাৰ এক প্রকাৰ সামাজিক সপোন, মানে অধিকাংশ মধ্যবিত্তই এই সপোন দেখে আৰু ইয়াক এক প্রকাৰে সর্বোচ্চ সামাজিক সপোন বুলি কব পাৰি। দেখা যায়, সঁচাকৈ যিসকল ছাত্র-ছাত্রীয়ে এনে সপোন দেখে তেওঁলোক লিখাপঢ়াত আনতকৈ ভাল হয়। স্কুলৰ তলৰ শ্রেণিত পঢ়ি থাকোতেই এই সম্পর্কে তেওঁলোকে বা অভিবাবক সকলে খা-খবৰ সংগ্রহ কৰাত মন দিয়ে আৰু প্রতিযোগিতামূলক পৰীক্ষা আদিৰ বাবে প্রস্তুতি চলায়। এনেবোৰ পাঠ্যক্রমৰ বাবে বুজন পৰিমাণ ধনৰ প্রয়োজন হয় বুলি বহু আগৰে পৰা অভিবাবকে জমা কৰিবলৈ লয়।
          এইবোৰে লিখাপঢ়াত ভাল হোৱাৰ পদ্ধতি বিচাৰি আমি হাবাথুৰি খাব নেলাগে। কেৱল ওচৰ-চুবুৰীয়াৰ ফালে চকু দিয়া শিকিব লাগে। মেধা সকলোৰে সমান; পার্থক্য কেৱল ইয়াৰ ব্যৱহাৰিক মাত্রাত দেখা দিয়ে। যিকোনো ছাত্র বা ছাত্রীৰ মেধাবী বুলি নিজৰ চিনাকি গঢ়ি তোলাটো সম্ভব, কিন্তু ই কেৱল একক ব্যক্তিৰ কাম নহয়, সদায় ই এক সামাজিক আৰু দলবদ্ধ প্রয়াসৰ পৰিণাম। কেতিয়াবা আমি যে একোখন সম্পূর্ণ সমাজ বা ৰাষ্ট্রক এই ক্ষেত্রত আগ বঢ়া দেখি থাকো সেয়া তাৰ বাবেই হয়। সেয়েহে শিক্ষাৰ স্তৰ বা অগ্রগতিক দি আমি সামাজিক অগ্রগতিকো বুজিবলৈ চেষ্টা কৰো। আমাৰ অসমৰ সমাজ যে এই ক্ষেত্রত বহুতো পিছ পৰা ইয়াত বোধ কৰো কাৰো দ্বিমত নেথাকিব। সেই সমাজ পৰিবর্তন কৰাটোও এটা কাম হব পাৰে। কিন্তু এতিয়া আমি সেই কথালৈ নাযাও।আমি কেৱল কব বিচাৰো, এজন ছাত্র বা ছাত্রীক গালি শপনি দিয়াৰ আগতে, এজন শিক্ষক-শিক্ষয়িত্রী বা অভিভাৱকে যেন মনত ৰাখে, যে ছাত্রক অনুপ্রাণিত কৰা আৰু লগত থকাটো তেওঁলোকৰো কাম। ছাত্রক সপোন দেখুৱাব লাগিব, সহায় আগ বঢ়াব লাগিব, এই সম্পর্কে তেওঁ নির্ভৰ কৰিব পৰাকৈ লগত থাকিব লাগিব।
             কিন্তু যদি লগত কোনো নাথাকে ? মা-দেউতাইও যদি বাট দেখুৱাব নোৱাৰে? তেনে ক্ষেত্রত কি হ? ছাত্রজনৰ জীৱন অথলে যাব নে? নাযায়। ধৰক কোনবা ছাত্রৰ গানৰ প্রতি বৰ ধাউতি। তেও গায়ক বা গায়িকা হব বিচাৰে। আৰু তাৰ বাবে বিদ্যায়তনিক পাঠ্যক্রমৰ প্রতি অলপ অৱহেলা কৰি হলেও তেওঁ গান গায়, গান শিকে। গান গাই উপার্জন কৰি এক নিশ্চিত জীবন গঢ় দিয়াটো যিহেতু অনিশ্চিত মা-দেউতাকে তাৰ বাবে উৎসাহ নিদিব পাৰে। যিসকলে দি থাকে তেওঁলোকেও দেখা যায় এটা সময়ত আহি সন্তানক নিৰুৎসাহী কৰিব বিচাৰে। বিশেষকৈ যেতিয়া মাধ্যমিক বা উচ্চমাধ্যমিক পৰীক্ষাবোৰ ওচৰ চাপে। বহুতে এই সময়ত গান-বাজনা এৰি দিবলৈ বাধ্য হয় আৰু পাছৰ সময়চোৱাত আকৌ একে উৎসাহেৰে আৰম্ভ কৰা নহয় গৈ। বিশেষকৈ ছোৱালী হলেতো কথাই নাই। কিন্তু যিসকলে গানকে জীৱনৰ প্রধান লক্ষ্য হিচাপে বাছি লয়, আৰু আত্মীয় বন্ধুৰ বাধা নেওচি আগ বাঢ়ি যায়। দেখা যায়, পাছৰ কালত সকলোৱে তেওঁক সহায় কৰিবলৈ আগ বাঢ়ি আহে। এনে কিয় হয়? কাৰণ তেওঁ আন্তৰিকতা আৰু নিষ্ঠাই এক ধৰণৰ আস্থা আৰু সন্মানৰ পিনে চাই আনেও তেওঁক বিশ্বাস কৰিবলৈ ধৰে।
             গতিকেএটা নির্দিষ্ট সময়ত গৈ ছাত্র বা ছাত্রীয়ে নিজে ঠিক কৰি ললে ভাল, তেওঁ কিয় লিখাপঢ়া কৰিব। ন্যুনতম কিছু লিখাপঢ়াৰ এক সামাজিক উপযোগিতা আছে। সেই কথা ভাবি সমাজে বা চৰকাৰেও সামাজিক শিক্ষাৰ হাৰ বঢ়োৱাত গুৰুত্ব দিয়ে। অনিচ্ছুক অভিভাৱকৰ সন্তানকো স্কুললৈ লৈ অহাত সর্বশিক্ষা আঁচনিয়ে যে তাত্ত্বিকভাৱেও এনেবোৰ কাৰণতে গুৰুত্ব প্রদান কৰে । কিন্তু উচ্চমাধ্যমিকৰ পাছৰ সময়ত আৰম্ভ হয় বিশেষীকৰণ। আমাৰ শিক্ষা ব্যৱস্থাই কলা- বাণিজ্য- বিজ্ঞান এই তিনিটা শাখাত ছাত্র-ছাত্রী সকলক ভগাই লয়। অইন ব্যৱস্থাত এই বিভাজন অন্য প্রকাৰেও হয়। এনে বয়সত ধৰি লোৱা হয় যে ছাত্রই নিজে কি পঢ়িব পাৰে এই সম্পর্কে সিদ্ধান্ত লোৱাৰ ক্ষমতা অর্জন কৰিছে। কিন্তু আমাৰ সমস্যা হ, আমি যদিও দেখাত বহুতে আত্মকেন্দ্রিক আৰু নিজ ইচ্ছাৰে জীৱনটোক গঢ় দিব বিচাৰো, বহুতে ব্যাক্তিৰ অধিকাৰ আৰু ব্যক্তিস্বাধীনতাৰ সম্পর্কে নিজেও সচেতন, আনকো সচেতন কৰিব বিচাৰোবাস্তবত আমি সামাজিক ইচ্ছাক অতিক্রম কৰিব নোৱাৰো। আমি সদায় সমাজ বিচ্ছিন্ন হোৱাৰ এক আতঙ্কৰ মাজতে জীৱব যাপন কৰো। জীৱনটোক নিজ ইচ্ছাৰে গঢ় দিয়াৰ ইচ্ছাৰ আন অর্থ কিন্তু সমাজত নিজৰ গ্রহণযোগ্যতা বঢ়োৱাৰ চিন্তাই। সমাজৰ বাহিৰত গৈ কিবা কৰা নহয়। সমাজত নিজৰ গ্রহণ যোগ্যতাকথাটোৰ দুটা দিশ আছে। নিজৰ গ্রহণ যোগ্যতাৰ চিন্তাটো ব্যক্তিকেন্দ্রিক, সমাজত গ্রহণযোগ্যতাৰ চিন্তাটো সামাজিক। অর্থাৎ আমাৰ এই চিন্তাৰ এক দ্বান্দ্বিক চৰিত্র আছে। ব্যক্তিস্বার্থৰ চিন্তাই যদি অধিক গুৰুত্ব পাবলৈ লয়, তেনেহলে কিন্তু আমি ব্যর্থ হব পাৰো, কিন্তু কথাটোৰ সামাজিক দিশ বা সামাজিক স্বার্থৰ চিন্তাই যদি অধিক গুৰুত্ব পায় তেনে হলে আমাৰ সফলতাক কোনেও ৰখাব নোৱাৰে। ইয়াৰে পৰা আৰম্ভ হয় প্রকৃতার্থত মানুহ হোৱাৰ শিক্ষা। মূল্যবোধৰ শিক্ষা কিম্বা ভ্যালু এডুকেশ্বন অইন পদ্ধতিৰে পাব নোৱাৰি। আমি নিজে কি কৰিম এই ধাৰণাটো সদায় সমাজৰ পৰাহে গ্রহণ কৰো। কিন্তু আমাৰ ব্যক্তিস্বার্থ চিন্তাই অত্যাধিক গুৰুত্ব পালে আমি কি কৰো , আটাইতকৈ সহজ আৰু জনপ্রিয় ধাৰণাটোকে সকলোৰে আগতে গ্রহণ কৰো। কিয়নো , আমাৰ ব্যক্তিকেন্দ্রিক আৰু স্বার্থচিন্তাই কয়আমি সহজতে আৰু সোনকালে নিজৰ গ্রহণ যোগ্যতা বঢ়াব লাগে। মোৰ যদি সাহিত্যৰ প্রতি আগ্রহ বেছি, মই ছাত্রও ভালমই কলা শাখাৰ ছাত্র হব লাগিছিল। আৰু নিজে এজন লিখক বা সমালোক হিচাবে জীৱনটোক গঢ় দিবৰ বাবে সপোন দেখিব লাগিছিল। সেয়া নকৰাকৈ আমি কৰিম কিভাল ছাত্র বিজ্ঞান শাখাত পঢ়িব লাগে, ডাক্তৰ হব লাগেআমাৰ সমাজে গঢ় দিয়া এনে এক যান্ত্রিক ধাৰণাৰ প্রতি আমি আকর্ষিত হম। পিছে মই, ডাক্তৰ হব পাৰিম নে নাই, মই ডাক্তৰ হলে মোৰ ওচৰ চুবুৰিয়াৰ কিবা লাভ হব নে নাই সেইবোৰ দূৰৈৰ নাইবা বৃহৎ চিন্তা কোনেনো কৰে? আচল কথা বিজ্ঞান শাখাত নাম ভর্তি কৰি ওচৰ চুবুৰিয়াক কথাটো জনাই সামাজিক সন্মান আৰু প্রতিপত্তি বঢ়াব পৰাটোৱে বহুতোৰ ওচৰত অত্যন্ত গুৰুত্ব পূর্ণ কথা। পিছে, মই বিজ্ঞান শাখাত ভালকৈ পঢ়িব নোৱাৰিলো, প্রতিযোগিতামূলক পৰীক্ষাত উত্তীর্ণ হব নোৱাৰিলো, লো নহয় বাঙ্গালুৰুত কম্পিউটাৰ বিজ্ঞান পঢ়িবলৈ। কিয়নো, আজিকালি ই এক নতুন জনপ্রিয় বিষয়। মোৰ বিষয়টোৰ প্রতি আগ্রহ নাথাকিলে কি হমা-দেউতাই ওচৰ চুবুৰিয়াক কব পৰা হআমাৰ লৰাটো বাঙ্গালুৰুত পঢ়ে। এনেকৈ নিজা বাস্তৱ বুজি নোপোৱাকৈ আনৰ দেখাদেখি নিজৰ জীৱনৰ লক্ষ্য স্থিৰ কৰাৰ পাছত কিমান যে লৰা - ছোৱালীৰ ভবিষ্যৎ এন্ধাৰত হেৰাই যায় আমি খবৰে নকৰো। আমি খবৰ ৰাখো কেৱল হাতৰ মুঠিত গণিব পৰা মুষ্ঠিমেয় কৃতকার্যজনৰ। নিশ্চয় কৃতকার্যজনৰ খবৰ ৰাখিব লাগে, তেওঁ কেনেকৈ কি কৰিলে তাৰ পৰা শিক্ষা লব লাগে প্রেৰণা লব লাগেসেই বুলি নিজৰ বাস্তৱতাক পাহৰিব নেলাগে, আৰু ব্যর্থজনৰ পৰাও শিকিব লাগে। পিছে সেই ব্যর্থজনৰ কথা কিতাপ পুঁথিত , বাতৰি কাকতত পঢ়িবলৈ পোৱা নাযায়, তেওঁলোক আমাৰ চাৰিওকাষে অখ্যাত হৈয়ে জীবন যাপন কৰে।
         এই যে, ওচৰ চুবুৰীয়াৰ পৰা দেখি শিকিব লাগে বুলি কলো, অইন ফালে দেখি শিকি বিপদৰ কথাও কলোই আমাৰ স্ববিৰোধী কথা বুলি নাভাবি সমস্যাটোৰ আচলতে এক দ্বান্দ্বিক চৰিত্রযে আছে এই কথা মনত ৰাখিব লাগে। কাক দেখি শিকিম, এই কথাও আগতে বুজিব বা শিকিব লাগে। ইয়াৰ কোনো সুনির্দিষ্ট সূত্র নাই। কিন্তু এটা কথা খাটাং , নিজৰ বাস্তৱতাক চিনি পাব লাগে, নিজৰ পছন্দ আৰু দক্ষতাক চিনি পাব লাগে, পৰিয়ালটোৰ বাস্তৱতাকো মনত ৰাখিব লাগে। আৰু আটাইতকৈ ভাল, নিজকে এজন ভবিষ্যৎ নাগৰিক হিচাপে গঢ় দিবলৈ গৈ আছে -যিজন ছাত্রই তেওঁৰ প্রথাগত শিক্ষা সমাপ্ত কৰি সমাজখনৰ প্রতি নিজা দায়িত্ব কেনেদৰে পালন কৰিব, এনেবোৰ কথাও গমি চাব পাৰি। এনে মানুহে কেৱল নিজৰ জীৱনটোকে গঢ় নিদিয়ে, সমাজখনলৈও ডাঙৰ পৰিৱর্তন কঢ়িয়াই লৈ আহে। এই বোৰ কথা মনত ৰাখি ,কি পঢ়িম কিমান পঢ়িম এই কথা স্থিৰ কৰাৰ আগতে নিজৰ জীৱনটোক লৈ সুনির্দিষ্ট লক্ষ্য স্থিৰ কৰিব লাগে। আৰু লক্ষ্যৰ সদায় সম্পর্কিত বিকল্প থাকিব লাগে। যেনে,ডাক্তৰ নহলে ইঞ্জিনিয়াৰ এই দুটা কোনো সুচিন্তিত বিকল্প নহয়। এটাৰ লগত আনটোৰ সম্পর্ক ঘনিষ্ট নহয়। ডাক্তৰ নহলে, ফার্মাচিস্ট হব কথা ভাবিব পাৰি, ৰসায়নবিদ গবেষক শিক্ষক হবৰ কথাও ভাৱিব পাৰি। সাহিত্যিক হব নোৱাৰিলে সাংবাদিক হবৰ কথা ভাৱিব পাৰি, নহলে বিজ্ঞাপন নির্মাতা হবৰ কথা ভাৱিব পাৰি। অভিনেতা হব নোৱাৰিলে পৰিচালক হবৰ কথা ভাবিব পাৰি, শিক্ষক হব নোৱাৰিলে গবেষক হবৰ কথা ভাৱিব পাৰি। বহু বিকল্প সদায় আমাৰ আগত খোলা থাকে, নাজানিলে এই সম্পর্কে আলোচনী কিতাপ ইত্যাদি সংগ্রহ কৰি পঢ়ি থাকিব পাৰি। আজিকালি সৰুসুৰা চহৰতো এই সম্পর্কে কিতাপ পত্র পোৱা যায় আৰু ইণ্টাৰনেটতো আছেই। হাতে হাতে আমাৰ কম্পিউটাৰ নাথাকিলেও মোবাইল ফোন আছেই। অলপ অনুসন্ধান অথবা চার্চ মাৰি গলেই হল।
         আমাৰ জীৱনৰ পছন্দৰ লক্ষ্য ঠিক কৰাৰ পাছতেই, ঠিক কৰিব লাগে, এজন ছাত্র কলা, শাখাত পঢ়িব নে বিজ্ঞান শাখাত পঢ়িব- এই বোৰ কথা। কেতিয়াবা যদি মই কলা শাখাত পঢ়িব লাগে বুলি বুজি পাইছো, কিন্তু পছন্দমতে নাম কৰা বিদ্যালয় মহাবিদ্যালয়ত নাম ভর্তি কৰিব পৰা নাই, তাৰ বাবে আচল লক্ষ্যৰ পৰা আঁতৰি আহিব নালাগে। আচল লক্ষ্যক আগত ৰাখি বাকী যিবোৰ উপায় ওলাব, যেনে কি পঢ়িম, ত পঢ়িম, কেনেকৈ পঢ়িম এইবোৰ সকলো, ক্ষণস্থায়ী লক্ষ্য হিচাপে আমাৰ সমুখত দেখা দিবহি। কেতিয়াবা এইবোৰত আমি সৰুসুৰা আপোচ কৰি ললেও; মূল লক্ষ্যত আপোচ কৰিলে কিন্তু সমগ্র জীবনটোতে আমি আপোচ কৰিয়েই থাকিব লাগিব। দেখা যাব, লাহে লাহে, আমি কেৱল পঢ়াৰ বিষয় নাইবা স্থান নহয়, অইন সকলো কথাই সুসংগঠিত উপায়েৰে ভাৱিব পৰা হম। আনকি আমাৰ বন্ধু নির্বাচনো সেই চিন্তাই নির্ধাৰণ কৰিব। যি সকলে আমি বিচৰা বাটেৰে আগবাঢ়ি যোৱাত সঠিক পৰামর্শ দিব পাৰিব, তেওঁলোক স্বাভাবিকতে আমাৰ ঘনিষ্ট মিত্র আৰু শিক্ষক হৈ উঠিব।
          ধৰি লওক, মই চিনেমা চাই ভাল পাও, আৰু চিনামাত অভিনয় কৰা নাইবা পৰিচালনা কৰাটোকে জীৱনৰ লক্ষ্য হিচাপে বাছি ললো। আৰু খবৰ পালো যে স্নাতক হোৱাৰ পাছত সত্যজিৎ ৰায় ফিল্ম আৰু টেলিভিছন ইনস্টিটিউটত কেনেবাকৈ পঢ়িব পাৰিলে আৰু চিন্তা কৰিব নালাগে। তাত যিকোনো বিভাগৰ পৰাই স্নাতক হলে ভর্তি হব পাৰি। তাৰ বাবে চিনেমা সম্পর্কে অলপ পঢ়াশুনা লাগিব, আৰু চাউণ্ড ৰেকর্ড আৰু ডিজাইন সম্পর্কে পঢ়িব বিচাৰিলে গণিত আৰু পদার্থবিজ্ঞান উচ্চতৰ মাধ্যমিকৰ পৰা বিষয় হিচাপে থাকিব লাগিব। সেই ক্ষেত্রত উচ্চমাধ্যমিকত কম নম্বৰ পাই পাচ কৰাৰ বাবে ভাল এখন স্কুলত বিজ্ঞান শাখাত নাম ভর্তি কৰিব নোৱাৰিলে কিনো হ? যত নাম ভর্তি কৰিব পাৰিম অলপ কম বিখ্যাত স্কুলত হলেও গৈ মই বিজ্ঞান শাখাতহে নাম লিখাম। আৰু চেষ্টা কৰিম অতিৰিক্ত পৰিশ্রম কৰি হলেও মই উচ্চতৰ মাধ্যমিক আৰু স্নাতক স্তৰত উন্নত ফলাফল কৰিবৰ বাবে। তেতিয়াহে এজন ছাত্রৰ মগজুত এই চিন্তা আহিব - তেওঁ কিমান কঠোৰ শ্রম কৰিব আৰু কেনেকৈ কৰিব। শ্রেণীকক্ষৰ পাঠদানক যথেষ্ট বুলি নাভাৱিলে গৃহ শিক্ষকৰ ওচৰ চাপিব পাৰি। তেনে শিক্ষকো নাপালে, আজি কালি বিভিন্ন আলোচনী ইত্যাদিৰ পৰাও সহায় লব পাৰি। এনে এজন ছাত্রইহে কেৱল সময় আৰু দেউতাকৰ অর্থৰ মূল্য বুজি পাব পাৰে। অপচয় নকৰাকৈ প্রতিটো মুহূর্ত আৰু প্রতিটো পইচাৰ সদব্যৱহাৰ কৰিব পাৰে। তেওঁৰ দৃঢ়তাক চাই পৰিয়ালৰ অইন সদস্য নাইবা বন্ধুবান্ধৱ সকলেও অনুপ্রাণিত বোধ কৰিব পাৰে আৰু দেখা যাব, তেওঁলোক সকলোৱে ছাত্রজনক সহায় কৰিবলৈ আগ বাঢ়ি আহিছে । আনকি অর্থৰ সমস্যাও থাকিলে এই দৰে সমধান হৈ যাব পাৰে, দেউতাকেও সঞ্চয় কৰিব পাৰে, ছাত্রই টিউচন কৰি গোটাব পাৰে। অইন একো নহলে, আজি কালি উচ্চশিক্ষাৰ বাবে বেঙ্কবোৰেও আগবাঢ়ি আহে শিক্ষাঋণ দিবলৈ। বাকী কথা হ; আচল কথা জানিব লাগিব ।এজন ছাত্রই পঢ়িব নিশ্চয়, কিন্তু তেও কিয় পঢ়িব? লাগিলে জীৱনৰ লক্ষ্য অসম্ভৱ যেন দেখাত ডাঙৰ কিবা স্থিৰ কৰি লব লাগে। ভয় খাব নালাগে, যিমান দূৰলৈ চকু যায়, সিমান দূৰলৈ বাটও দেখা যাব। কেতিয়াবা অসম্ভব যেন লগা লক্ষ্যও ইমানে ওচৰ আহি পায় যে, তেতিয়া আকৌ তাক নিচেই সৰু যেন দেখি, নিজেই আচৰিত হব লাগে।
---- ---- ---- -----
কৃতজ্ঞতাঃ লিখাটোৰ ভাষাশুদ্ধিত সহায় কৰি দিয়াৰ বাবে বিদুল বৰুৱা ডাঙৰীয়ালৈ ধন্যবাদ থাকিল।