[ ত্রিপুৰা সম্পর্কে এটি আলোচনা চলি আছিল 'দেশপ্রেম' হোয়াটচ এপ গ্রুপত। তাত অধিকাংশই অসমীয়া গণতান্ত্রিক মানুহ সদস্য। আমাৰ দৰে কিছু সমমনোভাৱাপন্ন অনসমীয়াও আছে। তাতে এটি বিতর্ক চলিছিল 'ত্রিপুৰাক' লৈ। এনে কিছু কথা লিখিছিল বন্ধু ত্রিদিব নিলিম দত্তই ঃ
ত্ৰিপুৰালৈ বেংগলী সকলৰ আগমনৰ বিষয়টো পোনপটীয়া কিন্তু "আছু" মাৰ্কা বিভ্ৰান্ত জাতিয়তাবাদে ইয়াৰ প্ৰকৃত তথ্য পাতি দাঙি নধৰি নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰি "ত্ৰিপুৰীৰ কি হ'ল, আমাৰ কি হ'ব" জাতীয় বজ্জাতী চিঞৰ বাখৰ কৰি আহিছে। ত্ৰিপুৰাত বেংগলী সকলৰ প্ৰব্ৰজন বিষয়ক আমি জনা তথ্যবোৰ এনেকুৱা-----
১) ১২৮৯ চনৰ পূৰ্বে বংগৰ অধীনত শ্ৰীভূমি নামৰ এটা অঞ্চল আছিল আৰু সেই অঞ্চলটোৱেই বৰ্তমানৰ ত্ৰিপুৰা।
২) ১৪০০ চধৰ পৰা ১৯৪৭ চন পৰ্যন্ত মাণিক্য সকলে তৃৰিপুৰা শাসন কৰে যদিও তেওঁলোক আছিল মোগলৰ অধীন ৰজা। স্বাভাবিকতে তাত আগৰে পৰাই বেংগলৰ প্ৰভাৱ আছিল, সেই প্ৰভাৱ "হঠাতে হোৱা" নহয়। ত্ৰিপুৰাত বিভিন্ন সময়ত বিভিন্ন অজনজাতিয় শাসকৰ মূদ্ৰা পোৱা গৈছে, ইয়াৰ অৰ্থ হ'ল ত্ৰিপুৰাত কেৱল মাণিক্য সকলৰে শাসন নাছিল।৩) জনজাতীয় ৰজা সকলে বাংলা ভাষাক ৰাজ্যিক ভাষা হিচাপে গ্ৰহণ কৰাৰ লগতে বাঙালী মহান পুৰুষ সকলৰ ডাক টিকট ছপা কৰিছিল।৪) বেংগলীসকলে ইতিমধ্যেই ত্ৰিপুৰাত বহু শ বছৰ ধৰি বসবাস কৰি আহিছিল। বেংগলৰ অধীনত থকা ত্ৰিপুৰা আৰু বৰ্তমানৰ ত্ৰিপুৰাৰ একোটা অংশত বেংগলীসকল স্থায়ী বাসিন্দা আছিল।ৰত্ন মাণিক্যই ১৪৬৪-১৪৬৮ চনত ত্ৰিপুৰাত বাস কৰিবলৈ ৪০০০ বেংগলীক আনিছিল( যেনেদৰে আহোম ৰজাই অসমল ভূঞা, ব্ৰাহ্মণ, কায়স্থ আদিক ভাৰতৰ বিভিন্ন ঠাইৰ পৰা আনি বহোৱাইছিল) প্ৰব্ৰজন এক স্বাভাৱিক প্ৰক্ৰিয়া(বিদেশীৰ কথাটো বেলেগ,কেৱল প্ৰব্ৰজনৰ কথা কৈছো) ইয়াক কেন্দ্ৰ কৰি আতংকময় পৰিবেশৰ সৃষ্টি কৰি অসমত এচামে ১৯৮৫ত ৰাজপাত ললে, এতিয়া বাৰে বাৰে "ত্ৰিপুৰীৰ কি হ'ল কি হ'ল" কৈ চিঞৰি এনে এটা পৰিবেশ সৃষ্টি কৰিব বিচৰা হৈছে। ত্ৰিপুৰাত যদি অকল ত্ৰিপুৰী থাকিব লাগে,তেন্তে অসমতো কাৰ্বি,বড়ো,মৰাণ আদিহে থাকিব লাগে। টাই ভাষাহে ৰাজ্য ভাষা হ'ব লাগে আৰু অসমৰ জনজাতিয় ভাষা,সংস্কৃতি গ্ৰাস কৰা বা নোহোৱা কৰা বাবে দত্ত,শৰ্মা,গোস্বামী,মহন্ত,শইকীয়া আদিও দায়ী!!অসমে বিদেশীৰ বোজা লব নালাগে---এইটো আমাৰ দাবী হোৱা উচিত, কিন্তু ত্ৰিপুৰাৰ ভুল তথ্য কেতবোৰ দাঙি ধৰি ৰাইজৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰাটো অনুচিত।
ত্ৰিপুৰা সম্পর্কে অসমত জনপ্রিয় ধাৰণাবোৰ গঢ় দিয়া হয়
বিংশ শতিকাত হে ! আহোমে নিজা ভাষা এৰি অসমীয়া হোৱাৰ কথা আমি স্বীকাৰ কৰো, সৌ কেইবা শতিকা আগত অহা আহোম! অসমত প্রাগার্য বড়ো কার্বিকো আমি অসমীয়া বুলি
ভাবি লও! কিন্তু বাঙালীৰ লগত খিলঞ্জীয়া শব্দৰ উল্লেখ এনেদৰে কৰা হয় যেনিবা বাঙালী
ওঠৰ শতিকাত ভূমধ্য সাগৰৰ পৰা অহা এটি অবৈধ প্রব্রজনকাৰী জনগোষ্ঠীহে! লাগিলে
পশ্চিমবাংলাতো বাঙালী বহিৰাগত হে! খিলঞ্জিয়াতো চাঁওতাল মুণ্ডা হে! কপাল ভাল, বাংলাদেশ অসম একেই প্রদেশ নেথাকিল! নহ'লে সমগ্র
বাংলাদেশৰ পৰাই বহিৰাগত বাঙালীক খেদিব লগীয়া হ'লহেঁতেন! কথাবোৰ
প্রচলিত যুক্তি অনুসৰি লিখিলো! যেনিবা বাঙালীৰ জাতিগঠন প্রক্রিয়াটো অসমীয়াতকৈ
বেলেগ! ত্রিপুৰা প্রসঙ্গত অসমত গঢ়ি তুলা মিথ অর্ধ সত্য অর্ধ মিথ্যাৰে ভৰা! মোৰ
যুক্তি কোৱাৰ আগত দুটা প্রত্যাহ্বান আগ বঢ়াব বিচাৰো! ১) কোচবিহাৰত কোচ ৰজা আছিল!
শংকৰদেৱে তাত সাহিত্য কৰিছিল! কোনেও কাহানিও কিয় প্রশ্ন নকৰে - অসমক উত্তৰবঙ্গ
হবলৈ দিয়া নহব? কলিকতাৰ বঙালীয়ে বেয়া পোৱাৰ যুক্তিৰ বাহিৰে আন কি থাকিব
পাৰে? কলিকতাৰ লগত অসমীয়া বৌদ্ধিক শ্রেণীৰ ঘনিষ্ঠ সম্পর্ক
আছে। গ্রন্থমেলাত, সাহিত্য সন্মিলন, চলচ্চিত্র উৎসৱত কলিকতাৰ বাঙালীক মাতিব লাগে। আগৰতলাৰ
বাঙালীক নেমাতিলেও চলে। গতিকে সম্পর্ক
বেয়া হোৱা কোনেও নিবিচাৰিব! ২) দ্বিতীয় প্রশ্ন: অসমক মিজোৰাম মেঘালয় হ 'বলৈ দিয়া নহ'ব বুলি কোনেও
কাহানিও নকয় কিয়? আনভাষাত কবলৈ গলে, বাঙালীয়ে মিজোৰাম, মেঘালয় দখল নকৰিলে কিয়? কিয় কেৱল ত্রিপুৰা! ব্রিটিছৰ শ্বিলঙত
দেখোন বাঙালীৰ অশেষ ক্ষমতা আছিল!
এতিয়া আহো পাছৰ কথালৈ কিয় মেঘালয়, মিজোৰামক ত্রিপুৰা নকৰিলে! কিন্তু ত্রিপুৰাক তো কৰিলেই, কোচৰাজ্যৰ আধাক পুৰা বঙ্গদেশ কৰিলে! আচলতে
কোচৰাজ্যৰ দৰং বিভাগৰ অসম হোৱা আৰু কোচবিহাৰ বিভাগৰ বঙ্গ হোৱাৰ প্রক্রিয়া বহুখিনি
একেই! কোচৰাজ্য অসম আৰু অসমীয়া হ 'ব পাৰিব কিন্তু আন ভাগ বাংলা হ 'ব নোৱাৰিব; ডিমাছা, ত্রিপুৰা ৰাজ্যৰ প্রজাসাধাৰণ কোনোপধ্যেই বাঙালী হ 'ব নোৱাৰিব তেনে
কিবা ঐতিহাসিক, সমাজতাত্ত্বিক যুক্তি নাইবা বাধ্যবাধকতা আছে নে? ইতিহাসৰ বিভিন্ন সময়ত কাছাৰ চিলেটৰ সৈতে চট্টগ্রাম, আৰাকানলৈ ত্রিপুৰা ৰাজ্যৰ ভিতৰত আহিছিল ! আমি চিলেটৰ কামৰূপত থকা দিন কেইটা
সগৌৰৱেৰে স্মৰণ কৰো! ত্রিপুৰাৰ অধীন চিলেটক পাহৰি থকাৰ যুক্তি কী? তাৰোপৰী এই সমগ্র অঞ্চল কেতিয়াবা চুবাহ বাংলা, কেতিয়াবা আৰাকান
ৰাজসভাৰ অধীনলৈ আহিছিল! এওলোকে প্রথমতে আর্য ব্রাহ্মণ মাতি আনি, পাছত মুছলমান পীৰ ফকিৰক আশ্রয় দি দীঘলীয়া আর্যায়নৰ প্রক্রিয়া চলাইছিল!
গতিকে সমগ্র অঞ্চলত কোনো ইণ্ড'-আৰ্য্য ভাষাগোষ্ঠী গঢ় নল'ব, কেৱল ভোটবর্মী ত্রিপুৰী জনজাতিহে থাকিব - এনেকৈ ভবাৰ যুক্তি কত? সেইবোৰ মানুহেই আজিৰ বাঙালী, চাকমা, হাজং! ত্রিপুৰী
জনজাতিৰ আর্যায়নৰ প্রক্রিয়াতহে এইবোৰ হল! অসমত হোৱা অসমীয়াৰ দৰে! গতিকে তাৰ
বাঙালীও বহিৰাগত বিদেশী হয় কেনেকৈ! অসমত আহোম স্বর্গদেউ সকলে সাত ৰাজ মাৰি এক ৰাজ
কৰাৰ দৰে বাকী ভাৰতত কি হ 'ল কোনেও নকয়! মোগলে দেখোন নামনি অসমৰ
পৰা আৰম্ভ কৰি পাক্স্তানলৈ একেই ঘটনা ঘটালে! বহু ক্ষুদ্র জনগোষ্ঠী মিলি আজিৰ বৃহৎ
আর্য জনগোষ্ঠীবোৰ গঢ়ি উঠিব ধৰিলে! কোৱা হয়, আহোমসকলে অসমলৈ
আহি স্থানীয় ভাষা গ্রহণ কৰিছিল। কিন্তু
বাস্তৱ বেলেগ হে। সেই কাম কৰিবলৈ তেওঁলোকে কেইবা শতিকা পাৰ কৰিছিল। স্থানীয় যোগাযোগৰ প্রধান ভাষা তেতিয়া আছিল প্রত্ন-বডো বা আধুনিক বডো ভাষাৰ তাহানিৰ ৰূপ।
তেওঁলোকে সেই ভাষা গ্রহণ কৰা নাই । কৰিছিল, ব্রাহ্মণ তথা বর্ণহিন্দুসকলৰ সেই কালৰ ভাষা আৰু ধর্ম।
শংকৰদেৱ-মাধবদেৱ প্রৱর্তিত বৈষ্ণৱধর্মৰ প্রত্যাঘাতত তেওঁলোক শাক্ত হ’বলৈ লৈছিল। সেই ব্রাহ্মণসকলৰ বহুতেই সিমানদিনে অসমত সহস্রাব্দ্রৰ
প্রাচীন বাসিন্দা হৈছিল হয়, কিন্তু আহোম স্বর্গদেউসকলেও বহুতকে মাতি
আনিছিল আৰু তেওঁলোকৰো বহুতেই আহিছিল চুবাহ বাংলাৰ পৰা।আন কি নবদ্বীপৰ পৰাও।
এওঁলোকে সকলোৱে মিলি আধুনিক অসমীয়া ভাষাক
গঢ় দিছিল। এই সত্যও বহুতে মানিব –জানিব নিবিচাৰে যে ‘বাংলা’,’অসমীয়া’ ইত্যাদি জাতি তথা ভাষাৰ নাম নিচেই সাম্প্রতিক সময়ৰ কথা।
মই মূলত ইতিহাসৰ ৰূপৰেখাৰ কথা কৈ আছো! যিবোৰ কথা 'অসমক ত্রিপুৰা
কৰাৰ' নেৰেটিভত নুঠেই! মোগলৰ বাংলা চুবাহ নেথাকিলে ব্রিটিছৰ
বেঙ্গল প্রভিন্সও নেথাকিলেহেঁতেন! বেলেগ কিবা নাম হল হেঁতেন! বাঙালী নাম তাৰ পৰাহে
পোৱা! বাংলা চুবাহৰ সম্প্রসাৰণহে বেঙ্গল প্রভিন্স! য'ত অসমৰ দৰে
ত্রিপুৰাও সোমাইছিল! সমগ্র ত্রিপুৰা নহয়! এটা অংশ ৰজাৰ অধীনত ৰাখি এক ডাঙৰ অংশৰ
চিৰস্থায়ী বন্দোৱস্ত অনুসাৰে জমিদাৰহে আছিল ত্রিপুৰাৰ ৰজা! নোৱাখালি কুমিল্লাৰ
ডাঙৰ অংশৰ নাম আছিল চাকলা ৰোছনাবাদ! তিপেৰা জিলা বুলিও কইছিল! সেই সমগ্র অঞ্চলৰ
প্রজা হিচাপে আন বহু জনগোষ্ঠীৰ লগতে বাঙালীও আছিল, মণিপুৰীও আছিল!
দেশ বিভাজিত হোৱা বুলি কেৱল বাংলা ভাগ হোৱা নাই! অসম ভাগ হৈছিল, তিপেৰা ভাগ হৈছিল! সেই কাৰণেহে মেঘালয় মিজোৰাম ত্রিপুৰা নহল! ত্রিপুৰাহে ‘ত্রিপুৰা’ হল!
গতিকে ত্রিপুৰাত ত্রিপুৰি ৰজাৰ দিনতেই বাঙালীৰ সংখ্যা সিমান
সংখ্যালঘু নাছিল, যেনেদৰে প্রচাৰ কৰা হয়! এনে প্রচাৰৰ সময়ত
উদ্দেশ্যমূলকভাৱে তিপেৰা জিলাৰ কথা, চাকলা ৰোছনাবাদৰ কথা গোপন ৰখা হয়! সেই
তিপেৰা জিলাৰ পানী-বায়ুত হে ৰাজপৰিয়ালৰ মানুহ
শচীন দেববর্মণৰ উদ্ভৱ সম্ভৱ হৈছিল! তেওঁ কাহানিও কেতিয়াবা বাংলা আৰু বাঙালীৰ
বিৰুদ্ধে কিবা লিখিছিল, কৈছিল নে? দেশভাগৰ পাছত
তিপেৰাৰ জমিদাৰৰ প্রজা এক অংশৰ পৰা আন এক অংশত আহি গৈছিল! তেওঁলোকে তেতিয়া কোন
যুক্তিত ভাবিব লাগিছিল যে পাছত ‘নেছো’ বুলি এটি সংগঠন
গঢ়ি উঠিব! আৰু এই ঘটনাৰ আলম লৈ অসমৰ মানুহক ভয় দেখুৱাব? বাকি অংশৰ কথাও বহুখিনি একেই!
চাকলা ৰোছনাবাদৰ কথা বাদ দিলেও দেশভাগ হ'লে বিপন্ন মানুহ
সেই অংশবোৰত হে আহিছিল যিবোৰ অংশ হয় ঐতিহাসিকভাৱে ব্রিটিছ বাংলাৰ অংশ আছিল, নাইবা তাৰ লগত সম্পর্কিত আছিল৷ অসমৰও এক ডাঙৰ অংশ যে মোগলৰ দিনৰ পৰা চুবাহ
বাংলাৰ অংশ আছিল সেই কথা আমি গোপন কিয় কৰো? লাচিত বৰফুকনে
শৰাইঘাটতহে মোগলক ৰখাইছিল! আজিৰ অসমৰ পশ্চিম আৰু দক্ষিণৰ সীমাত কি হৈছিল? সেইবোৰ প্রশ্ন উঠিব নেলাগে নে? গতিকে যি কাৰণে মানুহ উত্তৰ বাংলা, দক্ষিণ বাংলালৈ গৈছিল, একেই কাৰণত অসম আৰু ত্রিপুৰালৈ আহিছিল!
বাকী ৰাজ্যলৈ গ'লেও সেইবোৰ ঠাইৰ পৰা আগতেও গৈছে, পাছতো গৈছে! থাকিবলৈ যোৱা নাই! সেই কাৰণে বাকী ৰাজ্য কেইখন ত্রিপুৰা নহল!
তেনেদৰে অহা অধিকাংশ মানুহৰ আগৰে পৰা এইবোৰ ঠাইত আত্মীয়-বন্ধু আছিলেই! গতিকে
সেইবোৰ মানুহে কেনেকৈ ভাবিব সেইবোৰ ঠাইলৈ যাব নেলাগে? বৰ পাপ হ 'ব! মৰিলে বাংলাতহে মৰিব লাগে? নিজৰ মানুহ বুলি
ভাবি আহি এতিয়াহে বুজিব ধৰিছে মানুহবোৰতো মোৰ আপোন নহয়! ঠিক আছে, তাত আগৰ মানুহৰ কিছু সমস্যা হৈছে! আধিপত্যবাদৰ সমস্যাও দেখা দিছে! কিন্তু
আধিপত্যবাদৰ সমস্যাটোৱে আধুনিক সমস্যা! তাক 'তোমালোক বহিৰাগত !
- ইয়াৰ পৰা গুছি যোৱা!’ বুলিহে সমাধান কৰিব লাগে নেকি? জাতি-জনজাতিৰ দ্বন্দ্ব কেৱল 'বহিৰাগত'ই সৃষ্টি কৰিছে
কোৱাটোৱেই দেখোন পোণপটিয়াকৈ মিছা কথা! ব্রিটিছে উত্তৰপূর্ব প্রদেশ বুলি গঢ় দিব
বিচৰা বৃহত্তৰ অসমক ভাঙিলে কোনে? 'বহিৰাগত’ বাঙালীয়ে নে? উত্তৰপূর্ব একেলগে থাকিলে দেখোন ইয়াত খিলঞ্জীয়াৰ 'প্রভুত্ব ' এনেই থাকিলেহেতেন! তাৰবাবে ‘নেছো’ নেলাগিলেহেঁতেন!
হয়, সেইখন উত্তৰপূর্ব ভাৰতবর্ষতো বাঙালী বৃহৎ জনগোষ্ঠী এনেই
থাকিলেহেতেন! বাঙালীৰ ত্রিপুৰা কৰাৰ কিবা পৰিকল্পনা থাকিলে বৃহৎ অসমৰ বিভাজন হবলৈ
নিদিলে হে লাভ আছিল! তেনে কিবা চেষ্টা কৰিলে নে বাঙালীয়ে? ষাঠিৰ ভাষা আন্দোলনত দেখোন খাছী মিজো মণিপুৰী সকলোৱে বাঙালীক লগহে দিছিল!
সকলোৱে পৃথক ৰাজ্য লৈ ওলাই গল! বাঙালী দেখোন য'তে যেনে আছিল
তাতেই থাকি দিলে! মোৰেই জন্ম নাগালেণ্ডত! মোৰ পাছত জন্ম হোৱা ভনী এতিয়া থাকে
ত্রিপুৰাত! মোৰ পেহীৰ ঘৰৰ ককায়েক এটাৰ পৰিয়াল মিজোৰামত, এটা থাকে মেঘালয়ত, মই থাকো তিনিচুকিয়াত, মোৰ মা ভাইটি থাকে শিলচৰত! মই কি? নাগা? মিজো? খাছী, অসমীয়া? বাঙালী? চিলেটি? বাঙালী? কিবা যুক্তি থাকিব লাগিব তো? ইয়াতে ৰ'লো এতিয়া! মই জনা হলে মোৰ জন্মৰ আগতেই ‘নেছো’ৰ অনুমতি লৈ
থলোহেঁতেন, যে তোমালোকেই কোৱা মই কি হৈ জন্ম লওঁ?
No comments:
Post a Comment